Petrol Price Hike: পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সৰ্বসাধাৰণৰ - শিৱসাগৰ পেট্ৰলৰ মূল্য
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14844955-thumbnail-3x2-vdfjvnj.jpg)
সৰ্বসাধাৰণ ৰাইজৰ মূৰত টাঙোন সোধাই ক্ৰমাগতভাৱে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম (Petrol price hike in Assam)৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো শনিবাৰৰ দিনটোত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম ৷ শনিবাৰৰ দিনটোত শিৱসাগৰত প্ৰতি লিটাৰৰ প্ৰেট্ৰলৰ দাম ৯৯:৪৮ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৮৫:৭৮ টকা । দৈনিক বৃদ্ধি হোৱা পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী দামে সৰ্বসাধাৰণৰ মূৰত সোধাইছে ৰামটাঙোন (Petrol diesel price raised in Assam)। প্ৰেট্ৰল আৰু ডিজেলৰ দামবৃদ্ধিৰ লগে লগে ৰন্ধন গেছকে সাঙুৰি প্ৰায় প্ৰতিটো বস্তুৰ দাম বৃদ্ধি হোৱাৰ সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা জনতাৰ । চৰকাৰে সৰ্বসাধাৰণ মানুহক কেঁকোৰা চেপা দি নিজৰ মুনাফা আদায় কৰিছে বুলি মন্তব্য কৰিছে একাংশ গ্ৰাহকে ।
Last Updated : Feb 3, 2023, 8:21 PM IST