বিজনীত জুৱাৰ বিৰুদ্ধে দল-সংগঠনৰ সংবাদমেল - IPL জুৱা বন্ধ কৰাৰ দাবী দল সংগঠনৰ
🎬 Watch Now: Feature Video

চিৰাঙৰ বিজনীত আইপিএল জুৱাৰীৰ পৰিমাণ ভয়ংকৰভাৱে বৃদ্ধি হৈছে (ipl gambling in Chirang) ৷ দেওবাৰে বিজনীত IPL জুৱা বন্ধৰ দাবীত বিজনী আঞ্চলিক ছাত্র সন্থা, আমছুৰ বিজনী জিলা সমিতি, এবিএমছুৰ বিজনী জিলা সমিতি, বিজনী মহকুমা আক্ৰাছু আৰু চিৰাং জিলা বেংগলী সুৰক্ষা সমিতিয়ে যৌথভাৱে এক সংবাদমেল অনুষ্ঠিত কৰে ৷ এই সংবাদমেলত বিজনীত ছফি আলী, বাপন সাহা ওৰফে টিন আৰু ৰাহুল ঘোষৰ নেতৃত্বত IPL ৰ জুৱা চলি থকাৰ অভিযোগ উত্থাপন কৰে দল-সংগঠন কেইটাই ৷ এই সংক্ৰান্তত আৰক্ষীক অতিশীঘ্ৰে IPL জুৱা বন্ধ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে সোমবাৰে যৌথভাৱে চিৰাং জিলা আৰু বিজনী প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে সংগঠনকেইটাই ৷
Last Updated : Feb 3, 2023, 8:21 PM IST