thumbnail

By

Published : Mar 6, 2022, 11:39 AM IST

Updated : Feb 3, 2023, 8:18 PM IST

ETV Bharat / Videos

Municipal election 2022 : ৰঙিয়াত পুৱাৰে পৰা ভোটকেন্দ্ৰত ভিৰ ৰাইজৰ

পৌৰসভাৰ নিৰ্বাচন (Assam municipal election 2022) ক লৈ বিশেষ তৎপৰতা ৰাজ্যত । কামৰূপ(গ্ৰাম্য) জিলাৰ অন্তৰ্গত ৰঙিয়া পৌৰসভাতো পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া (Polling is going on peacefully in Rangia) । পুৱা আঠ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । ৰঙিয়া পৌৰসভাৰ এলেকাত মুঠ ভোটাৰ আছে ২২,২৫৯ গৰাকী । ইয়াৰ ভিতৰত ১০,৯৮১ গৰাকী পুৰুষ ভোটাৰ আৰু ১১,২৭৮ গৰাকী মহিলা ভোটাৰ । মুঠ ১০ টা ৱাৰ্ডত ৩২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । ইয়াৰে ১ নং ৱাৰ্ডত ৪ গৰাকী, ২ নং ৱাৰ্ডত ৫ গৰাকী, ৩ নং ৱাৰ্ডত ২ গৰাকী, ৪ নং ৱাৰ্ডত ২ গৰাকী, ৫ নং ৱাৰ্ডত ৪ গৰাকী, ৬ নং ৱাৰ্ডত ২ গৰাকী, ৭ নং ৱাৰ্ডত ৩ গৰাকী, ৮ নং ৱাৰ্ডত ৩ গৰাকী, ৯ নং ৱাৰ্ডত ৪ গৰাকী আৰু ১০ নং ৱাৰ্ডত ৩ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । উল্লেখযোগ্য যে, ৰঙিয়াৰ ৬ নং ৱাৰ্ডত ভোটগ্ৰহণৰ পূৰ্বে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ পোষ্টাৰ কোনো দুৰ্বৃত্তই ফালি পেলাইছিল । লগতে শনিবাৰে নিশা নিৰ্বাচনী কাৰ্যালয়ো ভাঙি লণ্ড-ভণ্ড কৰে । যাক লৈ অঞ্চলটোত কিছু পৰিমাণে উত্তেজনাৰ সৃষ্টি হৈছে ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.