thumbnail

Police on high alert: ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণক লৈ তৎপৰ আৰক্ষী-প্ৰশাসন

By

Published : Feb 25, 2022, 7:28 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

3 দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । এই ভ্ৰমণ কালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে (President Ram Nath Kovind to visit Kaziranga) । ৰাষ্ট্ৰপতিৰ আগমনক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে চলাইছে ব্যাপক প্ৰস্তুতি । ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড । জানিব পৰা মতে, শনিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শোভা উপভোগ কৰিব ৷ শনিবাৰে দুপৰীয়া তেজপুৰৰ পৰা আহি বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অৱতৰণ কৰিব ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ । বোকাখাতৰ পৰা কাজিৰঙা অভিমুখে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ীৰে যাত্ৰা কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে । যাত্ৰাৰ কালত যাতে কোনো আহুকাল নহয় তাৰ বাবে আৰক্ষী বাহিনীৰ তৰফৰ পৰা শুকুৰবাৰে নিৰাপত্তা বেহু তৈয়াৰ কৰি এক অনুশীলন কাৰ্যসূচী হাতত লয় ৷ জানিব পৰা মতে, বোকাখাতৰ পৰা কাজিৰঙাৰ কঁহৰালৈ প্ৰায় 24 কি.মি পথ যাত্ৰা কৰি কাজিৰঙাৰ আয়'ৰা ৰিজ'ৰ্টত জিৰণি লৈ বিয়লিৰ ভাগত বাগৰি বনাঞ্চলত পৰিয়ালসহ জীপ চাফাৰী কৰিব দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । ইতিমধ্যে ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজি-কাচি উঠিছে কাজিৰঙা ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.