thumbnail

By

Published : Nov 10, 2022, 2:10 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / Videos

Zubeen Garg in Biswanath: মোৰ মাজুলীৰ ৰাস চাবলৈ মন আছে: জুবিন গাৰ্গ

বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী কাৰ্যসূচীত বুধবাৰে উপস্থিত হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ (Zubeen Garg in Biswanath)৷ 4 নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে ৫ দিনীয়া কাৰ্যসূচীৰে বিশ্বনাথত অনুষ্ঠিত হোৱা অসমৰ অন্যতম সৰ্ববৃহৎ ৰাসৰ ৰূপালী জয়ন্তী সমাৰোহ বুধবাৰে সামৰণি পৰে (Zubeen Garg commented on Biswanath)৷ অন্তিমটো দিনটোত শৰতৰ পূৰ্ণিমা ৰাতি ৰাসৰ গীতত কন্ঠ নিগৰালে জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গে ৷ লগতে পূৰ্বৰ ৰাসৰ স্মৃতি সুঁৱৰি ৰাসত বাদ্যযন্ত্ৰ বজোৱাৰ কথা প্ৰকাশ কৰিলে শিল্পী গৰাকীয়ে ৷ লগতে শিল্পীগৰাকীয়ে আগন্তুক দিনত বিশ্বনাথক এক পৰ্যটক হাবলৈ নিৰ্মাণ কৰিবলৈ পদক্ষেপ হাতত লোৱাৰ কথা প্ৰকাশ কৰে(Zubeen Garg visited Biswanath Silver Jubilee raas)৷ বিশ্বনাথক লৈ অনাগত দিনত বিভিন্ন পৰিকল্পনা হাতত ল’ব বুলি জনায় কণ্ঠশিল্পীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.