thumbnail

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 12:37 PM IST

ETV Bharat / Videos

Youths detained : কলিয়াবৰৰ ৰাজপথত 5 যুৱকৰ সন্ত্ৰাস, ভেশ সলাই বাহনৰ পৰা দাবী কৰে ধন

কলিয়াবৰ, 10 অক্টোবৰ : কলিয়াবৰৰ ৰাজপথত ধন সংগ্ৰহ কৰি থকা অৱস্থাত হাতে লোটে ধৰা পৰে 5 যুৱক ৷ উল্লেখ্য যে, গো ধন সৰবৰাহ কৰা বাহনৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছিল কলিয়াবৰৰ এই 5 জন যুৱক ৷ কেতিয়াবা সংবাদিকৰ নামত, কেতিয়াবা পুলিচৰ নামত আকৌ কেতিয়াবা দল-সংগঠনৰ নামত দাবী ধমকিৰে ৰাজপথত সন্ত্ৰাস চলাইছিলে 5 যুৱকে।

এখন বলেৰ’ বাহনৰ সহায়েৰে কলিয়াবৰৰ মাজেৰে পাৰ হৈ যোৱা বিভিন্ন মালবাহী বাহনৰ পৰা দিনৰ পোহৰতেই বিভিন্ন দাবীৰে ধন সংগ্ৰহ কৰিছিল 5 যুৱকে ৷ তাৰ পিচতেই বৃহস্পতিবাৰে কলিয়াবৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি ধন সংগ্ৰহ কৰি থকা অৱস্থাতে হাতে লোটে ধৰিবলৈ সক্ষম হয় যুৱক 5 জনক । লগতে আৰক্ষীয়ে পাঁচ যুৱকে ব্যৱহাৰ কৰা বলেৰ' বাহনখনো জব্দ কৰে।

ধৃত পাঁচ যুৱক ক্ৰমে- ৰুবুল আলম (25), মোজাকিৰ হুছেইন (25), তপন হাজৰিকা (27), বিদ্যুৎ হাজৰিকা (26), মহম্মদ ইক্ৰামুল হক ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত আৰু এনে ধনদাবী কৰা যুৱক জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Drugs seized in Assam:অমৰপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.