thumbnail

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 5:43 PM IST

ETV Bharat / Videos

নগাঁৱত যুৱ কংগ্ৰেছৰ য়ুথ জোড়ো যাত্ৰা

নগাঁও, 29 নৱেম্বৰ : বুধবাৰে নগাঁৱত যুৱ কংগ্ৰেছৰ য়ুথ জোড়ো যাত্ৰাৰ বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ যুৱ কংগ্ৰেছৰ এই য়ুথ জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুইছেন ৷ তেওঁলোকৰ লগতে এই যাত্ৰাত উপস্থিত থাকে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা । নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

নগাঁৱত কংগ্ৰেছৰ য়ুথ জোড়ো যাত্ৰাত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে ৷ এই যাত্ৰাতে শাসকীয় বিজেপি চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে সাংসদ গৌৰৱ গগৈৰ লগতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন । যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমো উপস্থিত থাকে এই য়ুথ জোড়ো যাত্ৰাত । ৰকিবুল হুছেইনে জনগণৰ এই বিশাল সমাগমক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰণ বুলি অভিহিত কৰে ৷ তাৎপৰ্যপূৰ্ণ যে, য়ুথ জোড়ো যাত্ৰাত স্থানীয় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ অংশগ্ৰহণ পৰিলক্ষিত হোৱা নাই যদিও কিছু সময়ৰ বাবে প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : অমৃত কলহ চলা নাই, এইটো জহৰ কলহ চলিছে;পয়জন কলহ: ৰাণা গোস্বামী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.