যোৰহাটত গ্ৰেণেড বিস্ফোৰণত জড়িত যুৱকক আটক - Crime in Jorhat
🎬 Watch Now: Feature Video
Published : Dec 29, 2023, 10:22 AM IST
যোৰহাট,২৯ ডিচেম্বৰ: যোৰহাটৰ লিচুবাৰী সেনা ছাউনীত গ্ৰেণেড বিস্ফোৰণত জড়িত থকা দুই যুৱকক আটক কৰে যোৰহাট আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰা দুই যুৱকৰ নাম ক্ৰমে অচ্যুত গগৈ আৰু বিৰাজ চেতিয়া । আটকধীন দুয়োজনৰে ঘৰ যোৰহাটৰ তিতাবৰত বুলি জানিবপৰা গৈছে । গ্ৰেণেড বিস্ফোৰণ কৰা সময়ত ব্যৱহাৰ কৰা পালছাৰ NS বাইকখনো উদ্ধাৰ কৰা হৈছে । ইতিমধ্যে গ্ৰেপ্তাৰ কৰা দুই যুৱকক লৈ যোৰহাট আৰক্ষীয়ে বৰ্তমান ব্যাপক অভিযান অব্যাহত ৰাখিছে ।
উল্লেখ্য যে ১৪ ডিচেম্বৰ নিশা ৭:২১ বজাত বাইকত অহা সন্দেহযুক্ত আলফা স্বাধীনৰ দুই সদস্যই যোৰহাট লিচুবাৰী সেনা ছাউনীত গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰি উক্ত স্থানৰ পৰা নিবিঘ্নে আঁতৰি গৈছিল । উক্ত গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰা কথা স্বীকাৰ কৰিছিল আলফা স্বাধীনে । উক্ত বিস্ফোৰণৰ ঘটনাই জোকাৰি গৈছিল দেশৰ গৃহ বিভাগকো জোকাৰি গৈছিল আৰু উক্ত বিস্ফোৰণৰ তদন্ত কৰিবলৈ সেনা ছাউনীত উপস্থিত হৈছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা ।
আনহাতে সেনা ছাউনীৰ গ্ৰেণেড বিস্ফোৰণ ঘটনাৰ পিছত আৰক্ষী নিৰাপত্তা ব্যৱস্থাক লৈ সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰিছিল । ইয়াৰ উপৰিও সেনা ছাউনীত গ্ৰেণেড বিস্ফোৰণৰ লগতে উজনি অসমত সংঘটিত হোৱা বিস্ফোৰণৰ ঘটনাক লৈ আলফা(স্বা) আৰু অসম আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত আৰম্ভ হৈছিল বাকবিতণ্ডা । ইতিমধ্যে আলফা স্বাধীনৰ পুনৰ সক্ৰিয় হৈ উঠাৰ পিছত যোৰহাটৰ লগতে সমগ্ৰ ৰাজ্যত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ।