Youth dead body recovered : ৰঙানদীত গা ধুবলৈ গৈ অকাল মৃত্যু যুৱকৰ - যুৱকৰ সলিল সমাধি
🎬 Watch Now: Feature Video
লখিমপুৰ, ১৪ মে’ : লখিমপুৰৰ ৰঙানদীত এজন যুৱকৰ সলিল সমাধি (Youth drowning in Ronganodi) ৷ ৰঙানদীত গা ধুবলৈ গৈ এজন যুৱকে অকাল মৃত্যুক সাৱটিব ল’বলগীয়া হৈছে । শনিবাৰে সন্ধিয়া বিনোদ নামৰ যুৱকজনে কেইজনমান লগৰীয়াৰ সৈতে অৰুণাচল সীমান্তৱৰ্তী জহিং এলেকালৈ ফুৰিবলৈ গৈছিল (Youth dead body recovered)। ফুৰি আহি তেওঁলোকে জহিং পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সমীপতে থকা ৰঙানদীলৈ যায়। ৰঙানদীত লগৰীয়াৰ সৈতে গা ধুবলৈ বুলি নামিছিল বিনোদে। কিন্তু হঠাতে তেওঁ নদীৰ মাজত ডুব যায় । লগৰীয়াকেইজনে বহু চেষ্টা কৰিও বিনোদক উদ্ধাৰ কৰিব নোৱাৰিলে।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি ঘটনাৰ বুজ লয় যদিও নিশা হোৱাৰ বাবে বিনোদক উদ্ধাৰ কৰিব নোৱাৰিলে। দেওবাৰে পুৱাই আৰক্ষীসহ এছ ডি আৰ এফ বাহিনীয়ে নদীখনত অভিযান চলাই বিনোদৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চিলনীবাৰী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ লখিমপুৰ নগৰৰ গোপী নগৰ কলনীৰ ১০ নং ৱাৰ্ড নিবাসী বিনোদ কুমাৰ যাদৱ(২৬)।
লগতে পঢ়ক : Youth Attacked police: কেমেৰাৰ সন্মুখতেই আৰক্ষী বিষয়াক প্ৰচণ্ড ঘোচা যুৱকৰ