thumbnail

ক’ভিডত মৃত্যু হোৱা লোকৰ প্ৰকৃত সংখ্যা লুকুৱাইছে চৰকাৰে: যুৱ কংগ্ৰেছ

By

Published : May 9, 2022, 10:18 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

দেশত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা কেন্দ্ৰীয় চৰকাৰে লুকুৱাই ৰখাৰ প্ৰতিবাদত সোমবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে সাব্যস্ত কৰে এক প্ৰতিবাদী কাৰ্যসূচী (Youth Congress protests against Govt of India)। ৰাজীৱ ভৱনত হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি মুৰ্দাবাদ, বিজেপি গ’ বেক আদি শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰা হয় । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) আব্দুৰ ৰাজ্জাকে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদন মতে, পৃথিৱীৰ ভিতৰতে ক’ভিডত ভাৰতবৰ্ষতেই আটাইতকৈ বেছি লোকৰ মৃত্যু হৈছে । মহামাৰী ক’ভিডত দেশত ৪৭ লাখ লোকৰ মৃত্যু হোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে (WHO reports mortality due to Covid in India)। কিন্তু ভাৰত চৰকাৰে ইমান দিনে দেশত ক’ভিডত ৪.৮ লাখ লোকৰ মৃত্যু হোৱা বুলিহে ভুৱা প্ৰচাৰ চলাই আহিছিল । কেন্দ্ৰীয় চৰকাৰে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা দেশবাসীৰ পৰা লুকুৱাইছিল যদিও সেয়া শেহতীয়াভাৱে ধৰা পৰিছে । সেয়ে যুৱ কংগ্ৰেছে ক’ভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক কমেও ৪ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাই প্ৰদেশ যুৱ কংগ্ৰেছে ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.