কিশোৰৰ ৰহস্যজনকভাৱে চিপ লৈ আত্মহত্যা

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 6:53 AM IST

thumbnail

জনীয়াত, 20 নৱেম্বৰ : বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জনীয়াত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। দেওবাৰে বিয়লি জনীয়াত 17 বছৰীয়া এজন কিশোৰে নিজ ঘৰত চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে, কিশোৰটোৱে নিজ কোঠালিত চিপ লৈ আত্মহত্যা কৰে । পৰিয়ালৰ লোকে কিশোৰটিৰ মৃতদেহ প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায় ৷ তাৰ পিচতে নিশা 9 বজাত ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

আত্মীয়ই জানিব দিয়া অনুসৰি, দীৰ্ঘদিন ধৰি জ্যেষ্ঠ ভাতৃৰ সৈতে ঘৰুৱা কন্দল চলি আছিল কিশোৰটোৰ । পিতৃ-মাতৃ নথকাৰ বাবে 17 বছৰীয়া কিশোৰটোৱে বহুদিনৰ পৰা অকলেই জীৱন নিৰ্বাহ কৰি আছিল ৷ কিশোৰটোৱে কি কাৰণত আত্মহত্যা কৰিলে, ইয়াৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

অৱশ্যে এয়া হত্যা নে আত্মহত্যা সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিচতহে ওলাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । এই আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক শোকৰ ছাঁ বিৰাজ কৰিছে । ফলত কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক ৷

লগতে পঢ়ক : কনিষ্টবলৰ কোঠাত উদ্ধাৰ সন্ধানহীন কিশোৰী, নিলম্বিত কনিষ্টবল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.