thumbnail

Youth Death: পাগলাদিয়া নৈত বন্ধুৰ সৈতে গা ধুবলৈ গৈ যুৱকৰ সলিল সমাধি

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 6:32 PM IST

নলবাৰী, 17 ছেপ্টেম্বৰ : নলবাৰীৰ আদাবাৰীত এক শোকাৱহ ঘটনা সংঘটিত হয়। বন্ধুৰ ঘৰত ফুৰিবলৈ আহি পাগলাদিয়া নদীত সলিল সমাধি ঘটে এজন যুৱকৰ । মৃত যুৱকজনৰ নাম হিৰকজ্যোতি বৈশ্য (২১) বুলি জানিব পৰা গৈছে । গুৱাহাটীৰ পাঞ্জাবাৰীৰ হীৰকজ্যোতি বৈশ্য নামৰ যুৱকজনে আদাবাৰীৰ উৎপল হালৈ নামৰ যুৱকজনৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ।

দেওবাৰে লগৰ দুজন যুৱকৰ সৈতে ওচৰতে থকা পাগলাদিয়া নদীত গা ধুবলৈ গৈছিল যুৱকজনে । নৈত সাঁতুৰি থকা অৱস্থাতে পানীত ডুব যায় হীৰকজ্যোতি নামৰ যুৱকজন । পিচত স্থানীয় লোকে যুৱকজনক পানীৰ পৰা উদ্ধাৰ কৰি আদাবাৰীৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে। 

যুৱকজনৰ কৰুণ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক: Public protest in Dispur: পথ নিৰ্মাণৰ দাবীৰে বিধায়ক অতুল বৰা মুৰ্দাবাদ ধ্বনিৰে ৰাজপথত সমষ্টিবাসী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.