Kill the destroyers: বন ধ্বংসকাৰীক এনকাউন্টাৰ কৰাৰ পোষকতা অৰণ্য মানৱৰ - Yadav Payeng urges govt to killed Forest destroyer
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18134045-thumbnail-16x9-yadav.jpg)
কোকৰাঝাৰ 31 মাৰ্চ: সেউজীয়া বনাঞ্চল ধ্বংসকাৰী দুস্কৃতিকাৰীক চিনাক্তকৰণৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে ৷ তদুপৰি বন ধ্বংসকাৰীক এনকাউণ্টাৰ কৰাৰ পোষকতা কৰিছে যাদৱ পায়েঙে (Yadav Payeng supports killing of Forest destroyers) ৷ কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত শুকুৰবাৰে আয়োজিত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ 67 সংখ্যক জন্ম দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি প্ৰকৃতিপ্ৰেমী অৰণ্য মানৱ পায়েঙে সংবাদ মাধ্যমৰ আগত উক্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে (Yadav Payeng in Kokrajhar) ৷
পায়েঙে লগতে কয়, ‘‘সংবাদ মাধ্যমৰ লগতে বিভিন্ন দল-সংগঠনে সহায় কৰি দুস্কৃতিকাৰীক চিনাক্তকৰণ কৰিব লাগে ৷ কিয়নো বনাঞ্চল ধ্বংসকাৰীক চৰম শাস্তি দিব লাগে ৷ ভাৰতৰ ক’তো নথকা আইন অসমত আছে (Deforestation in Assam)। বনাঞ্চল ধ্বংসকাৰীসকলক এনকাউণ্টাৰ কৰিব লাগে ৷ যি সকলে বন ধ্বংস কৰে সেই সকলৰ জীয়াই থকাৰ অধিকাৰ নাই ৷ ক’লে যেতিয়া নামানে গতিকে জীয়াই ৰাখিবই নালাগে । গছ ধ্বংস কৰা, পৃথিৱী ধ্বংস কৰা মানুহ দেশদ্ৰোহী ।’’ গতিকে বনাঞ্চল ধ্বংসকাৰী সকলক এনকাউণ্টাৰ কৰিব লাগে বুলি কয় অৰণ্য মানৱ যাদৱ পায়েঙে (Yadav Payeng angry with deforestation) ৷
লগতে পঢ়ক: Lovlina Borgohain: বক্সিং চেম্পিয়ন লাভলীনাক অসম আৰক্ষীৰ সম্বৰ্ধনা