Flood in Nagaon: নগাঁৱত আবতৰীয়া বানৰ সংহাৰ - Worst Flood situation in Nagaon
🎬 Watch Now: Feature Video
আবতৰীয়া আহিনমহীয়া ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে চহা কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে (Worst Flood situation in Nagaon)। বিগত কেইবাদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে সুতিৰপাৰৰ পাঁচখন গাঁৱৰ শ শ বিঘা ৰবি শস্যৰ খেতি বুৰাই পেলাইছে । এই বাঢ়নি পানীয়ে বিলাহী, ফুলকবি, বন্ধাকবি, জলকীয়া, মটৰ, বেঙেনা আদি ৰবি শস্যৰ খেতি কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালকেইটালৈ নমাই আনিছে অন্ধকাৰ(Flood in Nagaon) । ৰবি শস্যৰ কাৰণে বিখ্যাত এই অঞ্চলৰ পৰাই নগাঁও জিলাৰ বিভিন্ন অঞ্চলত শাক-পাচলি ৰপ্তানি কৰা হয় । ফুল ফুলি ফল ধৰিব লওঁতেই আহিনমহীয়া আবতৰীয়া বানে খেতি পথাৰ ধ্বংস কৰি পেলাইছে । প্ৰতি বিঘা খেতিত ৩০ -৩৫ হেজাৰ টকা খৰচ কৰি ৰবি শস্যৰ খেতি কৰা কৃষকসকল এতিয়া দিশহাৰা হৈ পৰিছে । কৃষকসকলৰ এতিয়া পানীত হাঁহ নচৰা পৰিস্থিতি । আনফালে সময় পাৰ হোৱাৰ লগে লগে বৃদ্ধি পাবলৈ ধৰিছে ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানী ৷ আহিনমহীয়া বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰা কৃষক পৰিয়ালবোৰলৈ সাহাৰ্য প্ৰদানৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে কৃষকসকলে ।
Last Updated : Feb 3, 2023, 8:29 PM IST