Assam flood 2023: বানত উপায়হীন বিহপুৰীয়াৰ ৰাইজ, পথৰ দাঁতিতে সম্পন্ন কৰিছে মহিলাৰ শেষকৃত্য - অপৰিৱৰ্তিত বান পৰিস্থিতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-08-2023/640-480-19382826-thumbnail-16x9-dib.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 29, 2023, 2:17 PM IST
বিহপুৰীয়া, 29 আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সম্প্ৰতি লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বদতিত সোৱণশিৰি নদীৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ নদীখনৰ এই ভয়াৱহ বানৰ ফলত বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বদতি জামুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁও ইতিমধ্যে জলমগ্ন হোৱাৰ লগতে বাট পথসমূহ বানে বুৰাই পেলাইছে ৷
যাৰ ফলত স্থানীয় লোকসকলে কেৱল কলৰ ভোৰ অথবা নাৱকে সম্বল কৰি চলাচল অব্যাহত ৰাখিব লগা হৈছে । ইপিনে নদীখনৰ পানী দুগুণে বৃদ্ধি পোৱাৰ ফলত বান পৰিস্থিতি আৰু ভয়াবহ হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ এনে পৰিস্থিতিৰ মাজতে অঞ্চলতোত নিশা এগৰাকী মহিলাৰ মৃত্যুক লৈ সৃষ্টি হয় শোকাৱহ পৰিৱেশৰ সৃ্ষ্টি হৈছে ৷ সাগৰ সদৃশ পৰিৱেশৰ মাজত শেষকৃত্য সম্পন্ন কৰিবলৈ কোনো ঠাই নোহোৱাত ৰাজপথৰ দাঁতিতেই শেষকৃত্য সম্পন্ন কৰে স্থানীয় লোকে ৷
ইফালে অপৰিৱৰ্তিত বান পৰিস্থিতিৰ মাজতে স্থানীয় লোকে চৰকাৰী ব্যৱস্থাটোৰ পৰা যেনেধৰণৰ সহযোগিতা আশা কৰিছিল তেনেধৰণৰ সহযোগিতা পাবলৈ সক্ষম হোৱা নাই ৷ স্থানীয় লোকে নিশা মৃত্যু হোৱা মহিলাগৰাকী সোৱণশিৰিৰ বাঢ়নি পানীৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷
লগতে পঢ়ক: Flood situation in Assam: ৰাজ্যত পুনৰ বানত এজন লোকৰ মৃত্যু