World Tourism Day: তিনিচুকীয়াত বিশ্ব পৰ্যটন দিৱস উদযাপন - World Tourism Day
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-09-2023/640-480-19623329-thumbnail-16x9-tsk-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 27, 2023, 7:46 PM IST
তিনিচুকীয়া,২৭ ছেপ্টেম্বৰ: আজি বিশ্ব পৰ্যটন দিৱস ৷ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত, বেব্লাৰ্ছ ইন আৰু তিনিচুকীয়া প্ৰেছ ক্লাৱৰ সহযোগত বেব্লাৰ্ছ ইনৰ প্ৰাংগনত উদযাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস ৷ তিনিচুকীয়া উইমেনচ্ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ উত্তম দুৱৰাই ফিটা কাটি ফটোগ্ৰাফীৰ শুভ উদ্বোধন কৰা অনুষ্ঠানটোত পৰিৱেশকৰ্মী জয়নাল আবেদিনক তিনিচুকীয়া প্ৰেছ ক্লাৱৰ তৰফৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
উক্ত অনুষ্ঠানটোত তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰাণা চাংমাই, অসম পৰ্যটন নিগমৰ তিনিচুকীয়াৰ কৰ্মচাৰী দীক্ষিতা ফুকন, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ঋষি দাস, বেব্লাৰ্ছ ইনৰ স্বত্বাধিকাৰী পাৰ্থ সাৰথি দাসৰ লগতে তিনিচুকীয়া প্ৰেছ ক্লাৱৰ সদস্যসকল উপস্থিত থাকে ৷
লগতে পঢ়ক: APCC: বাগানে বাগেনে কংগ্ৰেছৰ পাছত এইবাৰ চাঙে চাঙে, পাহাৰে পাহাৰে কংগ্ৰেছ যাত্ৰা