World Mental Health Day: টিংখাঙত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন - Dibrugarh District Legal Services Authority

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 10:10 PM IST

ডিব্ৰুগড়,১০ অক্টোবৰ: ১০ অক্টোবৰৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব মানসিক স্বাস্থ্য দিৱস উদযাপন কৰা হয় । মানসিক স্বাস্থ্য শিক্ষা, সজাগতা সৃষ্টি বৃদ্ধিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগতো টিংখাঙত পালন কৰা হয় বিশ্ব মানসিক স্বাস্থ্য দিৱস ।  

ছাত্ৰ-ছাত্ৰীসকলক মানসিক দুঃচিন্তাৰ পৰা মুক্ত কৰি কেনেদৰে সুস্থ-সবল মানসিক স্বাস্থ্য বৰ্তাই ৰাখিব পাৰে আৰু কেনেদৰে যোগাত্মক চিন্তাধাৰাৰে নিজকে শিক্ষাৰ লগতে সমাজখনকো আগবঢ়াই নি এখন সুস্থ সবল সমাজ গঢ়ি তুলিব পাৰে তাৰে লক্ষ্য আৰু উদ্দেশ্যেৰে ডিব্ৰুগড় জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত টিংখাঙৰ ৰাজগড় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা গুৰুত্বপূৰ্ণ সজাগতা সভাখনত ৰাজগড় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে কেইবাশতাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।  

ডিব্ৰুগড় জিলা আইন সেৱা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱীকাৰ দায়িত্বত থকা মিতালি কোঁচ বৰুৱাই আঁত ধৰা এই সজাগতা অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব লক্ষীনন্দন পেগু, ডিব্ৰুগড়ৰ ক্লিনিকেল চাইকল'জিষ্ট ইশিতা চেটাৰ্জী, অধিবক্তা অলক কুমাৰ দুৱৰা, সুভৰাজ শৰ্মা, ৰাজগড় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মৃদুল দত্ত আদি উপস্থিত থাকি ছাত্র-ছাত্ৰীসকলক মানসিক স্বাস্থ্য কেনেদৰে সবল আৰু শক্তিশালী কৰি ৰাখিব পাৰি সেই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে ।  

লগতে পঢ়ক: 90 years old lady appears exam: ৯০ বছৰ বয়সত স্নাতকোত্তৰ পৰীক্ষাত বহিল আইতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.