World environment day: মৰাণত ব্য়তিক্ৰমী ৰূপত বিশ্ব পৰিৱেশ দিৱস পালন - World environment day

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 5, 2023, 8:15 PM IST

মৰাণ,৫ জুন: বিশ্ব পৰিবেশ দিৱস উপলক্ষে চৰাইদেউ জিলাৰ অগ্ৰণী প্ৰকৃতিপ্ৰেমী সংগঠন "সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া"ৰ বৃহৎ গছপুলি ৰোপন কাৰ্যসূচী ৷ তিনিদিনত তিনি সহস্ৰাধিক গছপুলি ৰোপনৰ লক্ষ্য সংগঠনটোৰ (World environment day observed in Moran) ৷ চৰাইদেউ জিলাৰ "সোণাৰু-কাঞ্চন-কৃষ্ণচূড়া" নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে বিভিন্ন সময়ত জিলাখনৰ বিভিন্ন প্ৰান্তত সোণাৰু, কাঞ্চন আৰু কৃষ্ণচূড়াৰ পুলি ৰোপন কৰি সমগ্ৰ জিলাখনতে প্ৰকৃতি সুৰক্ষাৰ এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে (Plantation by Kusum koilash Anup Patkai) ৷  

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৱে এইবাৰ মৰাণৰ বিশ্ৰামপুৰ, জজলীহাবি, হিমপৰা, লেচাইহাবিত তিনিদিনত সোণাৰু, কাঞ্চন, কৃষ্ণচূড়াৰ তিনি সহস্ৰাধিক গছপুলি ৰোপন কৰাৰ আঁচনি গ্ৰহণ কৰিছে (World Environment day 2023) ৷ এই কাৰ্যসূচীত প্ৰখ্যাত প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই, জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাস, মাধৱ ৰঞ্জন, ধীৰাজ কাশ্যপ আদিয়ে অংশগ্ৰহণ কৰি আৰম্ভ কৰিছে এই গছপুলি ৰোপনৰ অভিযান ৷ লক্ষ্য বৃক্ষৰ ৰঙেৰে জিলিকি ৰওক ধৰণী ৷ 

লগতে পঢ়ক: World Environment Day: তেজপুৰত "প্লাষ্টিক এৰো পৃথিৱী ধৰো" শ্লোগানৰে পৰিৱেশ দিৱস উদযাপন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.