Women Protest : "আমাক ঋণ মাফ দিবই লাগিব, কিস্তিৰ নামত হাৰাশাস্তি নচলিব" - প্ৰতিবাদকাৰী

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 12:24 PM IST

thumbnail

ধুবুৰী, 27 অক্টোবৰ : "চৰকাৰে আমাৰ ঋণ মাফ কৰি দিয়ক নহ'লে গুলীয়াই মাৰক, কাৰণ ঋণ পৰিশোধ কৰিবলৈ আমাৰ বৰ্তমান সামৰ্থ নাই ৷" বৃহস্পতিবাৰে ধুবুৰী জিলাৰ চাপৰ ফলিমাৰীস্থিত কলোবাৰীত মাক্ৰফাইনেন্সৰ ঋণ মাফ বিচাৰি জাঙুৰ খাই উঠে একাংশ ঋণগ্রস্ত মহিলা  ৷

AROHAN FINANCIAL SERVICE LTD ৰ পৰা ঋণ লোৱা গাঁওখনৰ 30 জনীয়া দল এটাৰ ইতিমধ্যে 8 গৰাকী মহিলাক যোৱা 16 অক্টোবৰত Under Assam Micro-Finance Incentive and Relief Scheme (AMFIRS) 2021 for Category-III ৰ অধীনত ঋণ মাফ প্ৰদান কৰিছিল ৷ কিন্তু বাকী থকা আৰু 22 গৰাকী সদস্যাক ঋণ মাফ নিদি কিস্তি বিচাৰি হাৰাশাস্তি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে মহিলাসকলে ৷

সেয়ে উপায়ন্তৰ হৈ প্ৰতিবাদত নামিল ঋণগ্রস্ত মহিলাসকল ৷ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিবাদকাৰী মহিলাসকলে ঋণ মাফ কৰি দিবলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক হাত যোৰ কৰি অনুৰোধ জনায় ৷

লগতে পঢ়ক: Amrit Kalash Yatra : অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভাত ৰাজ্যপাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.