thumbnail

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 4:13 PM IST

ETV Bharat / Videos

8 মহীয়া অন্তঃসত্বা মহিলাৰ ৰহস্যজনক মৃত্যু

নলবাৰী, 1 জানুৱাৰী : নৱবৰ্ষৰ পহিলা দিনটোতেই নলবাৰীৰ বৰছিমলাগুৰিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷ আঠ মহীয়া অন্তঃসত্বা মহিলাগৰাকীক স্বামীগৃহৰ পৰিয়ালে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

নতুন বছৰৰ পহিলা দিনটোতেই এই উদ্বেগজনক খবৰটোৱেই হতচকিত কৰি তুলিছে অঞ্চলবাসীক । ঘটনাৰ বিৱৰণী অনুসৰি 31 ডিচেম্বৰৰ নিশা জিলাখনৰ বৰছিমলাগুৰিৰ কংকনা মেধি নামৰ মহিলাগৰাকীক স্বামীগৃহৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পৰিয়ালৰ লোকে ৷  কংকনা 8 মাহৰ অন্তঃসত্বা আছিল বুলি জানিব পৰা গৈছে ৷ 

দেওবাৰে কংকনাৰ মৃতদেহ স্বামীগৃহত তেওঁৰ নিজৰ কোঠাত ঢলি পৰি থকা দেখা পাই লগে লগে চিঞৰ বাখৰ কৰে ৷ তাৰ পিচতে সোমবাৰে পুৱা মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়লৈ লৈ আহে ৷

ইফালে পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, কংকনা মেধিৰ স্বামী হেমেন বৰ্মনৰ লগতে তেওঁৰ পৰিয়ালে সুদীৰ্ঘ দিনৰে পৰা কংকনাক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে ৷ ইফালে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ অনা সময়তো কংকনাৰ স্বামী গৃহৰ কোনো লোক উপস্থিত হোৱা নাই ৷ 

ঘটনা সন্দৰ্ভত নলবাৰী জিলা আৰক্ষী অধীক্ষকে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে ৷ সম্প্ৰতি কংকনাৰ স্বামী হেমেন বৰ্মনক আৰক্ষীয়ে আটক কৰাৰ কথা জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.