Drugs Peddler Arrested In Nalbari : নলবাৰীত ড্ৰাগছসহ আটক আৰোফা বেগম

By

Published : Jun 19, 2023, 8:46 AM IST

thumbnail

নলবাৰী, 19 জুন : ৰাজ্যত ভয়াৱহ হাৰত শিপাইছে ড্ৰাগছৰ বেহা । বিশেষকৈ নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তত আৰক্ষীয়ে নিতৌ ড্ৰাগছ ঘাটি উৎখাত কৰি অহাৰ পিচতো হ্ৰাস হোৱা নাই ড্ৰাগছ সৰবৰাহৰ হাৰ ৷ আনকি ইয়াৰ বিপৰীতে ড্ৰাগছ সৰবৰাহকাৰীয়েও ন ন কৌশলেৰে চলাই গৈছে ড্ৰাগছৰ বেহা । এইবাৰ নলবাৰী জিলাৰ 2 নং ঘোগাত আৰক্ষীৰ জালত পৰিল ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত এগৰাকী মহিলা । ধৃত মহিলাগৰাকীৰ নাম আৰোফা বেগম (28)।

দেওবাৰে আদাবাৰী পহৰা আৰক্ষী চকীৰ আৰক্ষীয়ে ধৃত মহিলাগৰাকীৰ বাসগৃহত এক অভিযান চলাই 360 টা নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, কিছুদিন পূৰ্বে ধৃত আৰোফাৰ স্বামী ৰমজান আলীক 27 টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু 62 টা নিচাযুক্ত টেবলেটসহ আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।

ড্ৰাগছ ব্যৱসায়ী ৰমজান আলীয়ে বৰ্তমান নলবাৰী জিলা কাৰাগাৰত কাৰাবাস খাটি থকাৰ সময়তে এতিয়া পত্নী আৰোফা বেগমো ড্ৰাগছ ব্যৱসায়ত জড়িত হৈ ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল ৷

লগতে পঢ়ক : Illegal gambling: জুৱাৰ গ্ৰাসত কলগাছিয়াৰ বহু অঞ্চল; বাঁহনিৰ পৰা মৰপাট তলিলৈকে সকলোতে জুৱাৰ আড্ডা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.