Manja road accident : মাঞ্জাৰ পথ দুৰ্ঘটনাত নিহত কৰ্তব্যৰত এগৰাকী স্বাস্থ্যকৰ্মী

By

Published : Mar 13, 2023, 10:35 PM IST

thumbnail

ডিফু, ১৩ মাৰ্চ : অসম চৰকাৰৰ পৰিবহন বিভাগে ৰাজপথত দুৰ্ঘটনা ৰোধ কৰিবলৈ পথ সুৰক্ষা সমিতিৰ লগতে যান-বাহন আৰক্ষীক সষ্টম কৰি ৰাখিলেও প্ৰতিৰোধ হোৱা নাই ৰাজপথৰ দুৰ্ঘটনা ৷ জিলা পথ সুৰক্ষা সমিতিয়ে কাৰ্বি আংলং জিলাৰ ৰাজপথসমূহত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ইয়াৰ অংশীদাৰসকলক লৈ সভা সমিতি আৰু অনান্য পদ্ধতিৰে সজাগতা সৃষ্টি কৰি আহিছে ৷ কিন্তু পাৰ্বত্য জিলাখনত কম হোৱা নাই পথ দুৰ্ঘটনাৰ ঘটনা ৷

সোমবাৰে মাঞ্জাৰ সমীপৰ মহংদিজুৱা ৰাজপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Terrible road accident at Manja in Diphu) ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী স্বাস্থ্যকৰ্মী (Woman died in Manja road accident) ৷ প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে পুৱাৰ ভাগত মাঞ্জা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ দুই স্বাস্থকৰ্মীয়ে AS05 F 6230 নম্বৰৰ এখন স্কুটীৰে লংনিট অভিমুখে গৈ আছিল ৷

তেনে অৱস্থাতে পিছফালৰ পৰা আহি থকা AS 05C 2223 পঞ্জীয়ন নম্বৰৰ ট্ৰাক এখনে স্কুটীখন খুন্দিয়ায় ৷ ফলত স্কুটীৰ পিছফালে বহি থকা নিতু পাঙিং নামৰ স্বাস্থ্যকৰ্মী থিতাতে নিহত হয় (Woman died in a Terrible road accident at Manja in Diphu)৷ লগতে স্কুটী চালকগৰাকী গুৰুতৰভাৱে আহত হয় ৷

ইফালে এই দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ লগতে আৰক্ষীৰ দলটো জব্দ কৰিবলৈ সক্ষম হয় দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৷ অৱশ্যে ট্ৰাকখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ এই দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Husband killed wife: পত্নীক হত্যা কৰি পুতি থ’লে চোতালত; হত্যাকাৰী স্বামীৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.