Elephant menace in Majuli : মাজুলীৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস - বন্য হস্তীৰ এটা বৃহৎ জাকৰ সন্ত্ৰাস

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 14, 2023, 12:14 PM IST

মাজুলী, 14 জুলাই : মাজুলীৰ ধনাই চাপৰি, গেজেৰাকে আদি কৰি বিভিন্ন অঞ্চলত বন্য হস্তীৰ এটা বৃহৎ জাকৰ সন্ত্ৰাস । বন্য হস্তীৰ এটা বৃহৎ জাকে বিগত কিছু দিন ধৰি উজনি মাজুলীৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই আহিছে । দিনৰ ভাগত হাতীৰ জাকটো ব্ৰহ্মপুত্ৰ চাপৰিত থাকে আৰু নিশা হাতীৰ বৃহৎ জাকটো খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে । 

মাজুলী বন বিভাগে এই বন্য হস্তীৰ জাকটো খেদিবলৈ চেষ্টা কৰিছে যদিও খেদি পঠিওৱাত মাজুলী বন বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে । বাৰিষাৰ বানৰ সমান্তৰালকৈ উজনি মাজুলীৰ প্ৰায়সমূহ গাঁৱৰ ৰাইজে ভয় শংকাৰ মাজত নিশা পাৰ কৰিবলগীয়া হৈছে এই বন্যহস্তীৰ জাকটোৰ বাবে । 1998 চনৰ পৰাই বাৰিষা কালত এই বৃহৎ হাতীৰ জাকটোৱে মাজুলীৰ বিভিন্ন স্থানত সন্ত্ৰাস চলাই আহিছে । বাৰিষা হলেই বানৰ লগতে বন্যহস্তীৰ ভয়ত দিন পাৰ কৰিব লগা হয় মাজুলীৰ একাংশ ৰাইজে । 

লগতে পঢ়ক : SI Junmoni Rabha Death Case: নগাঁও আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাক মাৰাথন জেৰা চিবিআইৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.