Wild elephants roam in Kaliabor: কলিয়াবৰৰ জনাঞ্চলত আশ্ৰয় বিচাৰি বন্যহস্তীৰ জাক - The herd of elephants did not cause any harm to people
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15695659-thumbnail-3x2-koliabor.jpg)
বনাঞ্চল এৰি এতিয়া কলিয়াবৰৰ জনাঞ্চলত আশ্ৰয় লৈছে বন্যহস্তীৰ জাকে (Wild elephants roam in Kaliabor) ৷ প্ৰায় আঠ-নটা বন্যহস্তীৰ এটা জাকে খাদ্যৰ সন্ধানত নিশা ওলাই আহিল জনাঞ্চাললৈ ৷ উল্লেখ্য যে, যোৱা কেইবাদিন ধৰি বনৰীয়া হাতীৰ জাকটোৱে কলিয়াবৰৰ জনাঞ্চলত আশ্ৰয় গ্ৰহণ কৰি আছিল । কলিয়াবৰৰ আক্ৰুহী চুক, গোনামৰা, মাধতাৰিৰ কলঙৰ কাষৰ হাবিত আশ্ৰয় লৈ আছিল যদিও বন বিভাগ আৰু আৰক্ষীৰ ধাৰাবাহিক প্ৰচেষ্টাৰ ফলত বুধবাৰে নিশা হাতীৰ জাকটোক সেই স্থানৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয় । অৱশ্যে হাতীৰ জাকটোৱে অঞ্চলটোৰ জনসাধাৰণৰ কোনো ধৰণৰ ক্ষতিসাধন কৰা নাছিল (The herd of elephants did not cause any harm to people) ৷
Last Updated : Feb 3, 2023, 8:24 PM IST