Wild elephant terror: মাজুলীত বন্যহস্তীৰ জাকে ভাঙিলে চাৰিটা বাসগৃহ

By

Published : Aug 10, 2023, 10:19 AM IST

thumbnail

মাজুলী, 10 আগষ্ট : মাজুলীত অব্যাহত আছে বনৰীয়া হাতীৰ ত্ৰাস । বুধবাৰে নিশা শালমৰা অঞ্চলত তিনিটা বন্যহস্তীয়ে চলাই উপদ্ৰৱ ৷ আনকি বন্যহস্তী কেইটাই অঞ্চলটোৰ চাৰিটা পৰিয়ালৰ বাসগৃহ কেইটাও আংশিকভাৱে ক্ষতি সাধন কৰে ৷ খাদ্যৰ সন্ধানতে বনাঞ্চল এৰি জনাঞ্চলত নিশা এই হাতী কেইটা প্ৰৱেশ কৰিছে বুলি জানিব পৰা গৈছে ৷ বৰ্তমান এই হাতীৰ জাকটো চাপৰিৰ আশে পাশে অৱস্থান কৰিছে বুলি উল্লেখ কৰে বন বিভাগৰ লোকে ৷

সকলোৰে জ্ঞাত যে বিগত কেবামাহ ধৰি বন্যহস্তীৰ এটা জাকে মাজুলীৰ বিভিন্ন অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছে । এই বৃহৎ হাতীৰ জাকটোৰ ভয়ত বিগত কিছু দিন পূৰ্বে গোৱালে নিজৰ গৰু-ম’হৰ খুঁটি এৰি আহিবলৈ বাধ্য হৈছিল । বন্যহস্তীৰ এই বৃহৎ জাকটোৰ ভয়ত প্ৰতি মূহুৰ্ততে শংকিত হৈ থাকিব লগাত পৰিছে মাজুলীৰ সাধাৰণ ৰাইজ ।

লগতে পঢ়ক : Wild elephant and Rhino terror: মাজুলীৰ চাপৰিত হাতী গঁড়ৰ বসতি; ভয়ত চাপৰি এৰিছে ম’হ গুৱালে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.