Wild elephants menace: ৰঙাপৰাত বন্যহস্তীয়ে ভাঙিলে পকী আবাসগৃহ

By

Published : Jul 14, 2022, 10:41 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাট (Elephant-human conflict continues) ৷ ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে আন কৰবাত অনিষ্ট কৰিছে পথাৰৰ ধান ৷ বুধবাৰে নিশা অনুৰূপ ঘটনাই ঘটিল শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা পাঁচটাকৈ বনৰীয়া হাতীৰ জাকে তাৰাজুলি চাহ বাগিচাৰ চৌহদত প্ৰবেশ কৰি এটি পকী গৃহ সম্পূৰ্ণৰূপে ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে (Wild elephants destroyed a house in Rangapara)৷ হাতীৰ জাকটোৱে মাজনিশা চাহ বাগিচাখনৰ ২ নং লাইনৰ নিবাসী বিষ্ণু নায়কৰ বাসগৃহত চলাই উপদ্ৰৱ ৷ উল্লেখ্য যে ৰঙাপৰা অঞ্চলত বনৰীয়া হাতীয়ে বছৰৰ পিছত বছৰ ধৰি তাণ্ডৱ চলাই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি অহাৰ পাছতো বন বিভাগে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.