Wild elephant terror: তামুলপুৰত বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ

By

Published : Dec 12, 2022, 2:25 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত (Wild elephant menace in Assam) । তামুলপুৰতো বনৰীয়া হাতীৰ ত্ৰাস অব্যাহত । দেওবাৰে নিশাও বন্যহস্তীয়ে উপদ্ৰৱ চলাই কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে । উল্লেখ্য যে, দিনদুপৰতে নদী কাষৰীয়া অঞ্চলটোত ভ্ৰমি ফুৰিছে বনৰীয়া হাতী (Wild elephant scare in Tamulpur) । দেওবাৰে নিশা লনি বৈশ্য, মনে বড়ো আৰু দ্বীপেন বড়োৰ ঘৰত বনৰীয়া হাতীয়ে চলায় সন্ত্ৰাস চলোৱাৰ লগতে ঠালকুছি গাঁৱৰো কেইবাটাও বাসগৃহৰ অনিষ্ট সাধন কৰে । ইফালে কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ বন কৰ্মী সকলে হাতীৰ জাকটো খেদি পঠোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও জাকটো উক্ত অঞ্চলটোতে টহল দি আছে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.