Wild Elephant Roaming Freely : কলিয়াবৰৰ হাতীমূৰা দুৰ্গা মন্দিৰত বন্যহস্তীৰ চফৰ - বন্যহস্তীৰ জাকটোৰ দৃশ্যাংশ
🎬 Watch Now: Feature Video
কলিয়াবৰ, 18 জুন : হাতীমূৰাত হাতী ওলাইছে ৷ দেওবাৰে পুৱাই কলিয়াবৰৰ হাতীমূৰা দুৰ্গা মন্দিৰ চৌহদত প্ৰৱেশ কৰে এটা বৃহৎ বন্যহস্তীৰ জাকে ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, এই হাতীৰ জাকটোত আছিল 10 টাকৈ অধিক হাতী ৷ লগতে আছিল কেবাটাও পোৱালি হাতী ৷
স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলায় আহিছিল এই হাতীৰ জাকটো । বন্যহস্তীৰ জাকটোক দেখি আতংকিত হৈ পৰে অঞ্চলবাসী । অৱশ্যে কিছু সময়ৰ পাচতে উক্ত স্থানৰ পৰা আঁতৰি যায় হাতীৰ জাকটো ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বন্যহস্তীৰ জাকটোৰ দৃশ্যাংশ ৷
লগতে পঢ়ক : Wild elephant terror: হোজাইত বনৰীয়া হাতীৰ আক্ৰমণত বিদ্যালয়ৰ বিস্তৰ ক্ষতিসাধন