কঠীয়াতলীত বন্যহস্তীৰ উপদ্ৰৱ: উপায়ন্তৰ হৈ কৃষকে কাটিছে কেঁচা ধান - Wild elephant terror

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 8:35 PM IST

নগাঁও, 5 ডিচেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ ইয়াৰ সমান্তৰালকে নগাঁও জিলাৰ কঠীয়াতলীত বন্যহস্তীৰ উপদ্ৰৱত হাৰাশাস্তি কৰিছে সাধাৰণ জনতাক ৷ ফলত উপায়ন্তৰ হৈ কৃষকে খেতিপথাৰত কেঁচা ধানকে কাটিবলৈ বাধ্য হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি নগাঁও জিলাৰ কঠীয়াতলী বন কাৰ্যালয়ৰ অন্তৰ্গত ভিন্ন প্ৰান্তত প্ৰায় 10 দিন ধৰি অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । শগুণবাহী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা প্ৰায় 200 জনীয়া হাতীৰ এটা বৃহৎ জাকে দিনে নিশাই ননৈ, ৰাঙলু, গমাৰিআটি, কছাৰী গাঁও, নিজ কঠীয়াতলী, মহগড়, আহোম গাঁও, বেঙেনাআটি, তেলিয়াআটি, কঠালগুৰি বৰপথাৰত ধান খাই তহিলং কৰিছে ৷ হাতীৰ জাকটোৱে শ শ বিঘা ধান অনিষ্ট কৰাত কৃষকে মূৰে কঁপালে হাত দিবলগা হৈছে । হাতীৰ উপদ্ৰৱত আতংকিত হৈ উপায়হীন কৃষকে অৱশেষত কেঁচা ধানকে কাটিবলগীয়া হৈছে ।

লগতে পঢ়ক: কটাহবাৰীৰ গেষ্ট হাউচত উদ্ধাৰ যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.