Wild elephant herd enter human inhabitated area:মাজুলীত পুৱাই জনাঞ্চলত প্ৰৱেশ এজাক বনৰীয়া হাতীৰ

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 11:25 AM IST

Updated : Nov 2, 2023, 12:24 PM IST

thumbnail

মাজুলী, 2 নৱেম্বৰ : মাজুলীত পুৱাই জনাঞ্চলত প্ৰৱেশ কৰিলে এজাক বনৰীয়া হাতীয়ে ৷ বৃহস্পতিবাৰে পুৱাই মাজুলীৰ জনাঞ্চলত বনৰীয়া হাতীৰ এটা জাকে প্ৰৱেশ কৰা পৰিলক্ষিত হয় । পুৱাৰ হেঙুলীয়া বেলিৰ ৰহণত মহাবাহু ব্ৰহ্মপুত্ৰত হাতীৰ জাকৰ নান্দনিক দৃশ্য বন্দী  হ’ল ETV Bharat ৰ কেমেৰাত ।

হাতীৰ এই বৃহৎ জাকটো বৃহস্পতিবাৰৰ পুৱা অফলামুখ ফেৰী ঘাটৰ সমীপৰে জাঁজী মুখলৈ পাৰ হোৱা দেখা গৈছে । ব্ৰহ্মপুত্ৰৰ পাৰত হাতীৰ জাকৰ নন্দিনীক দৃশ্য উপভোগ কৰে বহু সংখ্যক ৰাইজে । বন বিভাগৰ লোকো উপস্থিত হয় নদীৰ পাৰত । এই বৃহৎ হাতীৰ জাকটোৱে আজি কেইবাদিনো ধৰি মাজুলীৰ বিভিন্ন চৰ-চাপৰিত অৱস্থান কৰি আছিল ।

এই হাতীৰ জাকটোৱে চৰ-চাপৰিত কৰা ধান খেতিকে আদি কৰি বিভিন্ন খেতি বাতি নষ্ট কৰিছিল । বৃহৎ হাতীৰ জাকটোৱে মাজুলীত অৱস্থান কৰাত মাজুলীৰ চৰ চাপৰিৰ লোকৰ লগতে মাজুলীৰ সকলো ঠাইৰ লোকেই শংকিত হৈ পৰিছিল ।

লগতে পঢ়ক : Elephant menace: ১৫০ জনীয়া বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰিছে মাজুলীৰ গঞাৰ

                    Man-elephant clash:এনেকেই চলি যাব বুলি হাত সাৱটি বহি থাকিবনে বন বিভাগ ?

Last Updated : Nov 2, 2023, 12:24 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.