লেতেকুজান চাহ বাগিচাত বন্যহস্তীৰ কৰুণ মৃত্যু - Wild Elephant Died in Golaghat
🎬 Watch Now: Feature Video


Published : Jan 15, 2024, 9:58 PM IST
গোলাঘাট, 15 জানুৱাৰী : গোলাঘাট জিলাৰ লেতেকুজান চাহ বাগিচাত এটা বন্যহস্তীৰ কৰুণ মৃত্যু ৷ নিশা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় বন্যহস্তীটোৰ ৷ খাদ্যৰ সন্ধানত নিশাৰ ভাগত বনাঞ্চলৰ পৰা ওলাই অহা দুটা বন্যহস্তীৰ মাজত যুঁজৰ ফলত এটা বিদ্যুতৰ খুটা ভাঙি বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যু হয় বন্যহস্তীটোৰ ৷ মৃত হাতীটোক শেষ শ্ৰদ্ধা জনাবলৈ স্থানীয় ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হয় ৷
ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শেষকৃত্য কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত দৈনিক খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি দৈনিক ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ যাৰ বাবে এতিয়া গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজাকে ধৰি আঠগাঁও, জামুগুৰি, ওৱাটিং, গাড়ীগাঁও, আইটননিয়া মিৰি গাঁও আদিকে ধৰি বিভিন্ন অঞ্চলৰ ৰাইজ আতংকত দিন কটাব লগা হৈছে ৷
লগতে পঢ়ক : ভোগালী বিহুৰ দিনাই গোনা ম’হৰ তয়াময়া যুঁজত কঁপিল গোমোঠাগাঁৱৰ পথাৰ