মহানগৰীৰ নিচামুক্তি কেন্দ্ৰৰ ভিতৰচৰাত প্ৰকৃততে চলিছে কি ? - Inside de addiction centre in Guwahati

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 1, 2022, 3:31 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

"মানুহ এনেকৈ ৰাখে নেকি? 2 টাকৈ কোঠাত 60 টা কৈ ল’ৰা ৰাখিছে, এজন ল’ৰাৰ গাতো কাপোৰ নাই ৷ 2 টাকৈ কোঠাত প্ৰায় 50 গৰাকী যুৱতী ৰাখিছে ৷ গৰুৰ গোহালিৰ দৰে মানুহ ৰাখে নেকি ?" নিচামুক্তি কেন্দ্ৰৰ ভিতৰচ'ৰাৰ অৱস্থা দেখি হতভম্ব হৈ পৰিল মন্ত্ৰী পীযুষ হাজৰিকা (Minister Piyush Hazarika) ৷ ৰাজ্যত কেনেদৰে চলি আছে ব্যক্তিগত খণ্ডৰ নিচামুক্ত কেন্দ্ৰসমূহ (De addiction centre in Assam)। এই সন্দৰ্ভত প্ৰায়ে বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে । নামত থকা এই কেন্দ্ৰসমূহত প্ৰকৃততে কি চলে (inside De addiction centre in Guwahati)। বৃহস্পতিবাৰে তাৰেই এক বাস্তৱ প্ৰতিফলন দেখা গ'ল গুৱাহাটীৰ এটা নিচামুক্তি কেন্দ্ৰত। গুৱাহাটী কমাৰ্চ কলেজৰ সমীপৰ পীচ ৱেলনেচ ফাউণ্ডেচনৰ নিচামুক্তি কেন্দ্ৰটো পৰ্যবেক্ষণ কৰি আজি হতবাক হৈ পৰে মন্ত্ৰী পীয়ুষ হাজৰিকা । কেন্দ্ৰটোৰ শোচনীয় পৰিস্থিতি দেখি তেওঁ নিজে আৰক্ষী বিষয়াক ফোন কৰি মাতি আনে আৰু কেন্দ্ৰটোৰ গৰাকীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে শনিবাৰে গুৱাহাটীৰ সকলো নিচামুক্তি কেন্দ্ৰৰ সৈতে বৈঠকত বহিব মন্ত্ৰীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.