thumbnail

Life struggle of a adolescent: দৃষ্টিহীন অৰণ্যত ঐনিতমৰ মধুৰ তান

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 10:04 AM IST

জোনাই, 29 ছেপ্টেম্বৰ : এটি তেৰ বছৰীয়া কিশোৰৰ কৰুণ কাহিনী । শিশুটিয়ে অন্ধাৰতে কটাবলগীয়া হৈছে শৈশৱ-কিশোৰৰ সোণালী দিন । দুৰ্ভগীয়া শিশুটিৰ নাম অৰণ্য পেগু । আনকি হিয়া ঢাকুৰি কান্দিবলৈ অন্য শিশু বা কিশোৰৰ দৰে অৰণ্যৰ নাই চকু দুটি । কিয়নো অৰণ্য পেগু জন্মৰ পৰাই দৃষ্টিহীন ৷

বৰ্তমান 13 বছৰীয়া অৰণ্য পেগুৰ ঘৰ জোনাইৰ চিয়াং লালী নদীৰ পাৰৰ হৰিপুৰ মিছিং গাঁৱত । যজাতি পেগু আৰু দিপ্তি পেগুৱে সন্তানটিক সুস্থ কৰাৰ স্বাৰ্থত যৎপৰোনাস্তি চেষ্টা কৰিছিল ৷ আনকি জন্মৰ পাচতেই অৰণ্যৰ চকু দুটিৰ চিকিৎসাৰ বাবে নিছিল চিকিৎসালয়লৈ । কিন্তু খেতি-বাতি কৰি কোনোমতে দুবেলা দুমুঠি খাই চলি থকা পিতৃ-মাতৃয়ে ধনৰ অভাৱত কৰিব নোৱাৰিলে সন্তানৰ উন্নত চিকিৎসা ।

অৰণ্য পেগুৱে বাস্তৱ জীৱনৰ এনে কৰুণ গাঁথাৰ মাজতে দুচকুৰ অবিহনেই নিজে আয়ত্ত কৰিছে মিচিং ঐ-নিতমৰ লগতে অসমীয়া বিহু সুৰীয়া গীত আৰু ঢোল বাদনো ৷

লগতে পঢ়ক : Life struggle of a adolescent : জন্মান্ধ অৰণ্য পেগুৰ জীৱন সংগ্ৰাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.