পিকনিকক লৈ জাৰি কৰা SOP সন্দৰ্ভত কিমান সচেতন আপুনি ?

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 10:41 PM IST

thumbnail

চামগুৰি, 4 জানুৱাৰী : নৱবৰ্ষৰ আৰম্ভণিতে বনভোজলৈ বুলি গৈ মৃত্যুক সাৱটি লোৱা ঘটনাই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য ৷ একেলগে 11 খনকৈ চিতা জ্বলিল ৷ কোনেও পাহৰিব নোৱৰা এক দৃশ্য ৷ হ’লেও যেন কমা নাই এচামৰ উদণ্ড আচৰণ ৷ দেৰগাঁৱৰ ঘটনাৰ পাচতে আৰক্ষীয়ে জাৰি কৰিছে এখন পৰামৰ্শমূলক এছ অ’পি ৷ ইয়াৰ ঠিক পিচতেই আৰক্ষীৰ জালত পৰিল বনভোজকাৰী দল ৷

উদণ্ড বনভোজকাৰী দলক নাকী লগালে ৰূপহীহাট আৰক্ষীয়ে ৷ ৰূপহীহাট আৰক্ষীয়ে দুখনকৈ উদণ্ড বনভোজকাৰীৰ বাহন জব্দ কৰে ৷ দেৰগাঁৱৰ শোকাবহ ঘটনাৰ মাৰ নৌযাওঁতেই একাংশ উদণ্ড যুৱকে অতি উচ্চ স্বৰত গান বজাই উদ্ভণ্ডালি কৰি বনভোজ খাই বিপদসংকুলভাৱে যাত্ৰা কৰা দুখনকৈ বাহন জব্দ কৰে ৷ আৰক্ষীয়ে জব্দকৃত বাহন দুখনৰ নম্বৰ হৈছে AS02 DC 2619 আৰু AS02 CC 7561 ৷ 34 জন উদণ্ড যুৱকক আটক কৰে আৰক্ষীয়ে ৷ প্ৰশাসনে বান্ধি দিয়া নতুন SOP ভংগ কৰাসকলক এইবাৰ নাকী লগাব আৰক্ষীয়ে ৷

লগতে পঢ়ক : পিকনিক SOP ভংগ: কলিয়াবৰত আৰক্ষীৰ জালত বনভোজকাৰী দল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.