Bhaben Baruah Award 2023 : বিশিষ্ট অভিনেতা ভৱেশ বৰুৱালৈ 2023 বৰ্ষৰ ভৱেন বৰুৱা বঁটা - ভবেন বৰুৱা সোঁ‌ৱৰণী বঁ‌টা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 9, 2023, 8:00 PM IST

নলবাৰী, ৯ আগষ্ট : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ উদ্যোগত ২ ছেপ্তেম্বৰৰ পৰা ৪ ছেপ্তেম্বৰলৈ নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত শিশু নাট প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰদান কৰা হ'ব ভবেন বৰুৱা সোঁ‌ৱৰণী বঁ‌টা ৷  

ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ অভিনেতা ভৱেশ বৰুৱাক প্ৰদান কৰা হ’ব ভবেন বৰুৱা সোঁ‌ৱৰণী বঁ‌টা ৷ সংবাদমেল যোগে বুধবাৰে এই কথা সদৰী কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিয়ে ৷ লগতে প্ৰবীণ অভিনেতা, বিশিষ্ট নাট্যকাৰ প্ৰবীন শৰ্মাক ৩ ছেপ্তেম্বৰত জীৱনযোৰা সাধনা বঁ‌টা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ বিষয়ববীয়াই ৷  

উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিয়ে বিগত চৈধ্যটা বছৰে অনুষ্ঠিত কৰি অহা ভবেন বৰুৱা সোঁ‌ৱৰণী শিশু নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি ৰাজ্যৰ একোজন বিশিষ্ট সাংস্কৃতিক কৰ্মীলৈ আগবঢ়াই আহিছে এই বঁ‌টা ৷ এন টি ৰ'ডস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই বুধবাৰে সংবাদমেল যোগে এই ঘোষণা কৰে ৷

লগতে পঢ়ক : Sonitpur Journalist Union : শ্বহীদ সাংবাদিক কমলা শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.