VDP Awareness Meeting: বঙাইগাঁৱত গাঁওৰক্ষী বাহিনীৰ সজাগতা সভা - VDP Awareness Meeting
🎬 Watch Now: Feature Video

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত কোকিলা আৰু নাম্বাৰপাৰা চাকলা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত দেওবাৰে এক সজাগতা সভা অনুষ্ঠিত হয়(VDP Awareness Meeting at Manikpur) । প্ৰাণনাথ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় সজাগতা সভাখন । শিক্ষা, মাদক দ্ৰব্য, অন্ধ বিশ্বাস, কু-সংস্কাৰ, শিক্ষাৰ অধিকাৰ ও সুৰক্ষা আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা হয় এই সভাখন । সজাগতা সভাত উপস্থিত থাকে কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্বেখ ছহিদুল ইছলাম, ছিঅ বিডিপি ফুলেন চৌধুৰী, কোকিলা প্ৰেছ ক্লাৱৰ সভাপতি মকিবুল ইছলাম, চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুছ ছাত্তাৰ আহমেদ, অধ্যক্ষ নুৰমহম্মদ, অৱসৰপ্ৰাপ্ত শিক্ষক লিয়াকত আলী খান, প্ৰাক্তন সভাপতি দেৱান আব্দুল হাই, গাঁওৰক্ষী বাহিনীৰ সম্পাদক মন্তাজ আলী, ছাইফুল ইছলাম, তোফাজ্জেল হুছেইনসহ বহু ব্যক্তিয়ে ভাষণ দিয়ে । সভাত বহু গণ্যমান্য ব্যক্তিৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:38 PM IST