Flood at Balipara: বালিপৰাত বানৰ কবলত বিস্তীৰ্ণ অঞ্চল - মানশিৰি নৈ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 13, 2023, 7:10 PM IST

ৰঙাপৰা, 13 আগষ্ট : পুনৰ বানৰ কবলত শোণিতপুৰ জিলাৰ বালিপৰা ৷ জৰাসৰ আৰু মানশিৰি নৈৰ বাঢ়নী পানীত জলমগ্ন বালিপৰা আৰু চাৰিদুৱাৰৰ কেইবাখনো গাওঁ ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু ৰাজ্যখনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে মানশিৰি আৰু জৰাসৰ নৈৰ জলস্তৰ ৷

নৈ দুখনৰ বাঢ়নী পানীয়ে বালিপৰাৰ ঔহলা গাওঁ, ভোবোলা গাওঁ, দীঘলী, দীঘলী বালিজান, উদমাৰী গাওঁ, নামঢেকেৰী গাঁৱকে ধৰি চাৰিদুৱাৰৰ কেইবাখনো গাঁও প্লাৱিত কৰিছে ৷ বালিপৰাৰ কাষেৰে বৈ যোৱা জৰাসৰ নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বালিপৰাৰ কেইবাটাও চৰকাৰী কাৰ্যালয় ৷ ইফালে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে জৰাসৰ নৈৰ বাঢ়নী পানী ৷  

ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী বাগৰি যোৱাত যান-বাহন চলাচলত ব্যাঘাত জন্মিছে ৷ উল্লেখ্য যে ৰঙাপৰা সমষ্টিৰ বালিপৰা অঞ্চলত প্ৰত্যেক বছৰে বাৰিষাৰ কালত সৃষ্টি হয় বানৰ তাণ্ডৱ ৷ বানৰ কবলত পৰি ত্ৰাহিমূধুসূদন সোঁৱৰিবলগীয়া হয় কেইবাখনো গাঁৱৰ ৰাইজে ৷ 

লগতে পঢ়ক : Flood in Assam: বানৰ কবলত মাণিকপুৰৰ কেইবাখনো গাঁও

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.