upstream of fishes:ডিক্ৰং নৈত মাছৰ উজান, উবুৰি খাই পৰিছে বিহপুৰীয়াৰ মাছমৰীয়াসকল - মাছৰ উজান

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:24 PM IST

বিহপুৰীয়া, 31 আগষ্ট : বিগত কেইবাদিনো ধৰি ৰাজ্যৰ নদীসমূহৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰি জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছিল । বাকী নৈ সমূহৰ সমান্তৰালকৈ ডিক্ৰং নৈৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছিল । শেহতীয়াকৈ নৈখনৰ জলস্তৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে ৷ কালিলৈকে জ্বলা-কলা দেখুৱাই থকা ডিক্ৰঙখনে আজি কিন্তু বিহপুৰীয়াৰ শ শ লোকৰ মুখত হাঁহি বিৰিঙিয়াইছে ।

ডিক্ৰং নদীৰ পাৰে পাৰে এতিয়া শ শ লোকৰ সমাগম  ৷ ডিক্ৰং নৈত উঠিছে মাছৰ উজান ৷ হাতে হাতে জাল আৰু খালৈ লৈ সমবেত হোৱা এইসকল লোক ব্যস্ত হৈ পৰিছে মাজ ধৰাত । মাছমৰীয়াই সেয়েহে ঘৰুৱা সকলো ব্যস্ততা এৰি মাছ ধৰাৰ আনন্দ লৈছে ৷ ডিক্ৰং নদীৰ মাছৰ সোৱাদেই সুকীয়া । সেয়েহে সকলো ব্যস্ততা পাহৰি ডিক্ৰং নদীত উবুৰি খাই পৰিছে বিহপুৰীয়াৰ মাছমৰীয়াসকল ৷

লগতে পঢ়ক : Assam flood 2023: বানত উপায়হীন বিহপুৰীয়াৰ ৰাইজ, পথৰ দাঁতিতে সম্পন্ন কৰিছে মহিলাৰ শেষকৃত্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.