UPPL joining programme:চিৰাঙৰ কাজলগাঁৱত ইউপিপিএলৰ যোগদান অনুষ্ঠান

By

Published : Jul 5, 2023, 7:31 PM IST

thumbnail

চিৰাং, 5 জুলাই : চিৰাঙৰ কাজলগাঁৱত শাসকীয় দল ইউপিপিএলৰ জিলা কাৰ্যালয়ত এক দলীয় যোগদান কাৰ্যসূচী আয়োজন কৰা হয় য’ত ৩২ জনকৈ লোকে ইউপিপিএলত যোগদান কৰে । বিধায়ক জয়ন্ত বসুমতাৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ হাগ্ৰামা মহিলাৰীয়ে গ্ৰহণ কৰা স্থিতিক তীব্ৰ সমালোচনা কৰে । কাৰণ হাগ্ৰামা মহিলাৰীয়ে এইফালে নিজৰ দলত ভিন্ন ভিন্ন জনগোষ্ঠীয় কোষ খুলি লৈছে আকৌ তাৰ বিপৰীতে ওদালগুৰি লোকসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ কথা কৈছে ।

হাগ্ৰামা মহিলাৰীয়ে নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে এনেধৰণৰ মন্তব্য কৰি আছে বুলিও কয় বিধায়ক জয়ন্ত বসুমতাৰীয়ে । ‘‘বিটিআৰ এলেকাত ওদালগুৰি লোকসভা সমষ্টি গঠন হোৱাটো আমিও বিচাৰো কিন্তু জনজাতিৰ বাবে সংৰক্ষিত নকৰাকৈ’’ বুলি কয় বিধায়ক জয়ন্ত বসুমতাৰীয়ে । ইপিনে প্ৰমোদ বড়োৱে বিটিচি সচিবালয়ৰ ভিতৰত ফাইভ ষ্টাৰ হোটেলৰ দৰে ৰান্ধনীঘৰ বনোৱা সন্দৰ্ভত কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ইউপিপিএল দলৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ।

লগতে পঢ়ক : Constituency delimitation:লাহোৱাল সমষ্টি বিলুপ্তিককৰণৰ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.