Durga Puja 2023: তিনিচুকীয়াৰ ঐতিহাসিক দাহালবাবাৰ মন্দিৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-10-2023/640-480-19831148-thumbnail-16x9-bhal.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 22, 2023, 1:12 PM IST
তিনিচুকীয়া, ২২ অক্টোবৰ: আজি মহা অষ্টমী ৷ মহা অষ্টমীৰ দিনটোত তিনিচুকীয়াত উপস্থিত হয় কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ আদি বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তিনিচুকীয়াৰ দাহালবাবাৰ মন্দিৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ পূজা-পাৰ্বণত অংশগ্ৰহণ কৰে ৷
দাহালবাবাৰ মন্দিৰত পূজাত অংশগ্ৰহণ কৰি ৰাজ্যবাসীলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলোৰে মংগল কামনা কৰে ৷ ইয়াৰ পাচতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক্ৰমে মানৱ কল্যাণৰ দুৰ্গা পূজা, অসমীয়া মন্দিৰৰ দুৰ্গা পূজা, দেৱীপুখুৰীৰ দুৰ্গা পূজা আৰু দুৰ্গাবাৰীৰ দুৰ্গা মন্দিৰৰ দুৰ্গা পূজাৰ মণ্ডপত উপস্থিত হোৱাৰ লগতে পূজা-পাৰ্বণত অংশ ল’ব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাইকে আদি কৰি কেইবাগৰাকীও দলীয় ব্যক্তিয়ে ।
লগতে পঢ়ক: Road accident: চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, বাতিল ৰে’লসেৱা