Dead Body Recovered: এইবাৰ গুৱাহাটীৰ ছয়মাইল উৰণীয়া সেঁতুৰ তলত উদ্ধাৰ মৃতদেহ
🎬 Watch Now: Feature Video
গুৱাহাটী, 28 জুলাই: মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ । ছয়মাইল উৰণীয়া সেঁতুৰ ট্ৰেন্সফৰ্মাৰৰ তলত উদ্ধাৰ কৰা হৈছে মৃতদেহটো । বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । উদ্ধাৰ হোৱা ব্যক্তিজন মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱা হেতুকে ছয়মাইল উৰণীয়া সেঁতুৰ ওচৰে পাজৰে ঘূৰি ফুৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।
শুকুৰবাৰৰ পুৱা প্ৰায় 7 মান বজাত ছয়মাইল উৰণীয়া সেঁতুৰ ওচৰতে থকা ট্ৰেন্সফৰ্মাৰটোৰ ওচৰত ব্যক্তিজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে লগে লগে আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত দিশপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । ব্যক্তিজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।
উল্লেখ্য যে, ঘটনাটোৰ জৰিয়তে পোহৰলৈ আহিছে বিদ্যুৎ বিভাগৰ গাফিলতি । কিয়নো যিটো ট্ৰেন্সফৰ্মাৰৰ তলত ঘটনাটো সংঘটিত হৈছে সেই ট্ৰেন্সফৰ্মাৰটোৰ চাৰিওফালে বেৰ দিয়া আছিল যদিও কোনো ধৰমৰ তলা লগোৱা নাছিল । মাত্ৰ এডাল খিলি লগায়েই দায়িত্ব সামৰিছিল বিদ্যুৎ বিভাগে । যাৰ ফলত আজি ব্যক্তিগৰাকীয়ে ট্ৰেন্সফৰ্মাৰটোৰ ভিতৰত সোমাই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : Farming in Assam : অসম অৰুণাচল সীমান্তত তৈল খেজুৰৰ খেতি