TYPA President Reacts Over Tribalisation: ছয় জনগোষ্ঠীক একেলগে জনজাতিকৰণৰ মৰ্যদা নিদিলে জ্বলিব অসম

By

Published : Jul 16, 2023, 11:29 AM IST

thumbnail

ডিব্ৰুগড়, 16 জুলাই : কাষ চাপি অহা লোকসভা নিবাৰ্চনৰ প্ৰকক্ষণত পুনৰ ৰাজ্যত জনজাতিকৰণৰ প্ৰসংগই মূৰ দাঙি উঠিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে জনগোষ্ঠীয় দল-সংগঠনসমূহে ৷ ইয়াৰ মাজতে খবৰ ওলাল যে, চৰকাৰে কেইটামান জনগোষ্ঠীক জনজাতিকৰণ বাবে চিন্তা-চৰ্চা কৰিছে ৷  

ইয়াৰ পাছতেই সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই ৷ ছয় জনগোষ্ঠীক একেলগে জনজাতিকৰণ নকৰিলে অসম জ্বলিব ৷ জনজাতিৰ মৰ্যদাৰ পৰা বঞ্চিত হ'লে আহোম জনগোষ্ঠীৰ যুৱকে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব ৷ টাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি বিজয় ৰাজকোঁৱৰে প্ৰদান কৰিছে এই হুংকাৰ ৷  

উল্লেখ্য যে, জনজাতিৰ মৰ্যদা বিচাৰি মৰাণ, মটক, চুতীয়া, আহোম, কোঁচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে দীৰ্ঘদিন ধৰি দাবী জনায় অহাৰ পাছত মৰাণ, মটক, চুতীয়া আৰু কোঁচ ৰাজবংশী সকলক জনজাতিৰ মৰ্যদা দিবলৈ চৰকাৰে চেষ্টা কৰা বুলি খবৰ ওলোৱাৰ প্ৰসংগত এই মন্তব্য টাইপাৰ নেতৃত্বৰ ৷  

লগতে পঢ়ক : Public Protest in Tingkhong: পথৰ ওপৰতে ধূপ-চাকি জ্বলাই ৰাইজৰ প্ৰাৰ্থনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.