National level panja competition: ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা প্ৰতিযোগিতাত পদক লাভেৰে উজ্বলিল ধেমাজিৰ দুই খেলুৱৈ - ৰাষ্ট্ৰীয় আৰ্ম ৰেষ্টলিং ফেডাৰেচন

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 22, 2023, 9:11 AM IST

ধেমাজি, 22 মে’ : কৰ্ণাটকৰ বাংগালোৰত ৰাষ্ট্ৰীয় আৰ্ম ৰেষ্টলিং ফেডাৰেচনৰ উদ্যোগত যোৱা ১৯ আৰু ২০ মে’ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত তিনিটাকৈ পদক অৰ্জনৰে ৰাজ্যৰ লগতে ধেমাজি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মানৱ দও আৰু জোনমণি দাসে (National level panja competition held in Bangalore) ৷ মানৱ দাসে ৭৮ কেজি শাখাত সোহাঁত আৰু বাওঁ হাতৰ খেলত দুটাকে সোণৰ পদক লাভ কৰাৰ বিপৰীতে জোনমণি দাসে এটা ৰূপৰ পদক লাভ কৰে ৷

এই খেলুৱৈ দুগৰাকীয়ে আগন্তক দিনত বিশ্ব পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে বুলি জানিবলৈ দিয়ে ধেমাজি জিলা পাঞ্জা এছ’চিয়েচনৰ সভাপতি ঘনকৃষ্ণ বৰগোহাঁইয়ে ৷ ইপিনে অসমৰ ধেমাজি জিলাৰ পৰা তিনিগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল যদিও দুগৰাকী খেলুৱৈৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে ধেমাজি জিলা পাঞ্জা সংগঠনৰ লগতে ধেমাজি ক্ৰীড়াপ্ৰেমী ৰাইজ ৷ উল্লেখ্য যে চলিত বছৰত জিলাখনক ক্ৰীড়াক্ষেত্ৰত প্ৰতিনিধিত্ব কৰা কেইবাগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : IPL 2023 updates: পুনৰ এবাৰ আশাহত আৰ চি বি; কপাল ফুলিল মুম্বাই ইণ্ডিয়ানছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.