Road Accident in Makum: বাৰে বাৰে ফোন কৰাৰ পিচতো নাহিল এম্বুলেন্স; ই ৰিক্সাত চিকিৎসালয়লৈ প্ৰেৰণ দুৰ্ঘটনাত পতিতক

🎬 Watch Now: Feature Video

thumbnail

তিনিচুকীয়া, 15 অক্টোবৰ : নিশা তিনিচুকীয়াৰ মাকুম পথৰ এফ চি আই গুদামৰ সন্মুখত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ ফলত আহত হয় দুগৰাকীকৈ লোক ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, এজন বাইক আৰোহী আৰু এজন পথচাৰীক ৰাস্তা পাৰ হ’বলৈ লওঁতেই অচিনাক্ত বাহনে খুন্দা মাৰে ৷ এই দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখনে ৷ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS 23Z 3316 ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱা প্ৰায় এঘণ্টাৰ পাচতো উক্ত স্থানত উপস্থিত নহ’ল জৰুৰীকালীন এম্বুলেন্স সেৱা ৷ ফোন কৰিলে গৈ আছোঁ বুলি কয় যদিও সময়ত উক্ত স্থানত নোপোৱাত স্থানীয় ৰাইজে আহত দুজনক ই-ৰিক্সাত প্ৰেৰণ কৰে চিকিৎসালয়লৈ । ইফালে আঘাতপ্ৰাপ্ত দুগৰাকীৰ ভিতৰত এজনৰ গুৰুতৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Bihar train accident : একেটা কফিনৰ ভিতৰতে বিহাৰৰ পৰা অসম পালেহি ঊষা আৰু আকৃতিৰ নিথৰ দেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.