গুৱাহাটী: পুত্ৰ সন্তানৰ জন্মদিনৰ দিনাই এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে এগৰাকী চিকিৎসকে । আনৰ চিকিৎসা সেৱাত অহৰহ ব্ৰতী হোৱা চিকিৎসকগৰাকীয়ে অতি কম বয়সতেই সকলোকে কন্দুৱাই বিদায় ল'লে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ডেম’নষ্ট্ৰেটৰগৰাকীৰ পৰিয়ালৰ লোকেও হয়তো সপোনতো ভবা নাছিল এনে এক অবাঞ্চিত ঘটনাৰ কথা । যেন নভবাকৈয়ে ঘটি গ'ল ঘটনাটো ।
৩২ বছৰীয়া ডাঃ অনিন্দিতা পাটোৱাৰীয়ে বিগত ১০ মাহ ধৰি দুৰাৰোগ্য় ৰোগত আক্ৰান্ত হৈ আছিল । মৰণব্য়াধিৰ বিষয়ে জানিব পাৰিছিল আজিৰ পৰা ১০ মাহ পূৰ্বে । চিকিৎসকে উল্লেখ কৰা অনুসৰি ডাঃ অনিন্দিতা পাটোৱাৰী পেটৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল । তেওঁ চিকিৎসা গ্ৰহণ কৰি আছিল যদিও ৰোগবিধ শৰীৰত বিয়পি পৰিছিল । ইয়াৰ পূৰ্বেও তিনিবাৰ হেলথ চিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অনিন্দিতাক । খাদ্যনলী বন্ধ হৈ পৰাৰ লগতে হৈছিল অতিমাত্ৰা ৰক্তক্ষৰণ ।
শনিবাৰে পুৱা হেলথ চিটী হাস্পতালত চিকিৎসকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ডেম’নষ্ট্ৰেটৰ ডাঃ অনিন্দিতা পাটোৱাৰীৰ বিয়োগৰ খবৰে শোকাহত কৰিছে ৰাজ্যবাসীক । ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অচ্যুৎ কুমাৰ পাটোৱাৰীৰ ককায়েক অজিত পাটোৱাৰীৰ কন্যা আছিল ডাঃ অনিন্দিতা পাটোৱাৰী ৷ প্ৰায় ১০ মাহ ধৰি এই ৰোগত আক্ৰান্ত হৈ আছিল চিকিৎসকগৰাকী ।
শনিবাৰে দিনৰ ভাগত চিকিৎসালয়ৰ যাৱতীয় কামকাজ সম্পন্ন হোৱাৰ পিছত পৰিয়ালক চমজাই দিয়া হয় চিকিৎসকগৰাকীৰ মৃতদেহ । উল্লেখ্য যে অতি মেধাৱী ছাত্ৰী অনিন্দিতাই সত্ৰীয়া নৃত্যশিল্পী হিচাপেও বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ ২০২২ চনত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাইক্ৰ’বায়’লজী বিভাগৰ শ্ৰেষ্ঠ স্নাতকোত্তৰৰূপে স্বৰ্ণপদক লাভ কৰিছিল ডাঃ অনিন্দিতা পাটোৱাৰীয়ে ।
প্ৰায় ১০ মাহ ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি অৱশেষত আজি মৃত্যুৰ ওচৰত হাৰ মানিলে চিকিৎসকগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩২ বছৰ। গুৱাহাটীৰ ৰূপনগৰৰ বাসিন্দা আছিল অনিন্দিতা পাটোৱাৰী । পুত্ৰৰ জন্মদিনৰ দিনাই মাতৃ বিয়োগৰ খবৰে পৰিয়ালটোত সৃষ্টি কৰিছে শোকাকুল পৰিবেশৰ ।