Modern ship port at Majuli: মাজুলীবাসীয়ে লাভ কৰিব দুটাকৈ অত্যাধুনিক জাহাজ বন্দৰ - Two Bridge in Majuli
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-17749593-thumbnail-4x3-majuli-aspera.jpg)
মাজুলী, ১৪ ফ্ৰেব্ৰুৱাৰী : দুখনকৈ দলং লাভ কৰাৰ আশাই মাজুলীবাসীক আনন্দিত কৰাৰ সময়তে মাজুলীবাসীলৈ আন এক সু-খবৰ (Two Bridge in Majuli)। মাজুলীৰ অফলামুখ আৰু নিমাতী ঘাটত নিৰ্মাণ কৰা হ'ব দুটাকৈ অত্যাধুনিক জাহাজ বন্দৰ (Two Modern ship port to be built in Majuli) । যাৰ বাবে মঙলবাৰে মাজুলীৰ অফালঘাটত উপস্থিত হয় বিশ্ব বেংকৰ প্ৰতিনিধি দল । অফলা ঘাটত নিৰ্মাণ হ'বলগীয়া জাহাজ বন্দৰৰ বাবে ঠাই পৰিদৰ্শন কৰে বিশ্ব বেংকৰ (World Bank) চাৰিগৰাকী প্ৰতিনিধিয়ে (Modern ship port at Majuli) ।
নিমাতী ঘাটত ৬৭ কোটি আৰু অফলামুখ ঘাটত ২১ কোটি টকাৰে নিৰ্মাণ হ'ব দুটাকৈ বন্দৰ । সোমবাৰে নিমাটি ঘাটত নিৰ্মাণ হ'বলগীয়া জাহাজ বন্দৰৰ বাবে স্থান পৰিদৰ্শন কৰে এই প্ৰতিনিধিৰ দলে আৰু মঙলবাৰে পুৱাৰ ভাগত মাজুলীৰ অফলামুখ পাৰঘাটত নিৰ্মাণ হ'ব লগা জাহাজ বন্দৰৰ বাবে স্থান পৰিদৰ্শন কৰে বিশ্ব বেংকৰ চাৰি প্ৰতিনিধিয়ে । জানিব পৰা মতে যাত্ৰীসকলৰ বাবে সকলো উন্নত মানৰ সা-সুবিধা উপলব্ধ থাকিব এই বন্দৰ দুটাত ।
বিশ্ব বেংক আৰু অসম চৰকাৰৰ পুঁজিৰে নিৰ্মান হ'ব বন্দৰ কেইটা । ইতিমধ্যে বন্দৰ কেইটাৰ প্ৰাকলন আৰু নক্সা সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে । ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব এই বন্দৰ নিৰ্মানৰ কাম । বন্দৰ কেইটা নিৰ্মান সম্পূৰ্ণ হলে বিদেশী পৰ্যটকসকল মাজুলীলৈ অহা যোৱা সুবিধা হোৱাৰ লগতে পৰ্যটন খণ্ডত যথেষ্ট উন্নয়ন হ'ব । নিমাতি ঘাটত দুখন জাহাজ আৰু মাজুলীৰ অফলামুখ ঘাটত এখন জাহাজ ৰাখিব পৰা ব্যৱস্থা উপলব্ধ হ'ব । যাত্ৰীৰ বাবে জিৰণি ঘৰ, বাৰিষা জাহাজ চলাচল কৰিব পৰাকৈ সুবিধা এই অত্যাধুনিক বন্দৰ থাকিব । ইয়াৰ যোগেদি জনসাধাৰণ যথেষ্ট উপকৃত হ'ব ।
উল্লেখ যে, এটা অত্যাধুনিক জাহাজ বন্দৰৰ অভাৱ দীৰ্ঘদিন ধৰি মাজুলীবাসীয়ে বাৰুকৈয়ে অনুভৱ কৰি আহিছে । ৮ ছেপ্টেম্বৰ ২০২১ত মাজুলীত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাৰ (Boat accident in Majuli) সময়তো যথেষ্ট প্ৰাসংগিক হৈ পৰিছিল জাহাজ বন্দৰ প্ৰসংগ । এতিয়া এই দুই বন্দৰে মাজুলীবাসীলৈ কঢ়িয়াই আনিছে এক প্ৰত্যাশাৰ খবৰ ।
লগতে পঢ়ক: MLA Rupak Sharma: নগাঁৱক নতুন ৰূপত গঢ়াৰ সংকল্প বিধায়ক ৰূপক শৰ্মাৰ