Crime in Guwahati: নুনমাটিৰ যৌন নিৰ্যাতনৰ ঘটনা, 13 আইচ ক্ৰীম ব্যৱসায়ীক জেৰা আৰক্ষীৰ - Two minors suspected to be trafficked abused
🎬 Watch Now: Feature Video
গুৱাহাটী, 15 জুন: নুনমাটিত দুই শিশু নিৰ্যাতনৰ ঘটনাৰ নতুন মোৰ ৷ এই ঘটনাৰ সুত্ৰ বিচাৰি বৃহস্পতিবাৰে নুনমাটি আৰক্ষীয়ে সোধা-পোচা কৰিবলৈ 13 জন আইচ ক্ৰীম ব্যৱসায়ীক আটক কৰিছে ৷ জানিব পৰা মতে মহানগৰ আৰক্ষীৰ ADCP নন্দিনী কাকতিৰ নেতৃত্বত 13 জন আইচ ক্ৰীম ব্যৱসায়ীক আটক কৰাৰ লগতে ভুক্তভোগী দুগৰাকীক লগত লৈ মূল অভিযুক্তৰ সন্ধানত চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, পাথৰকোৱাৰীৰ নীলাচল এপাৰ্টমেণ্টৰ বাসিন্দা চিকিৎসক ডাঃ ৰাজা দাসৰ ঘৰত বন কৰা দুই শিশু নিৰ্যাতনৰ বলি হোৱাৰ পিছত কোনোমতে ঘৰৰ পৰা পলায়ন কৰা দুই শিশুৰ এগৰাকী আইচ ক্ৰীম ব্যৱসায়ীৰ দ্বাৰা ধৰ্ষণৰ বলি হৈছিল ৷ এই সংক্ৰান্তত ইতিমধ্যে আৰক্ষীয়ে ডাঃ ৰাজা দাস আৰু ধীৰেন মজুমদাৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷
অৱশ্যে এই ঘটনাৰ লগত জড়িত তিনি মূল অভিযুক্তক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ লক্ষণীয়ভাৱে পশু চিকিৎসক ডাঃ ৰাজা দাসৰ পত্নীক আৰক্ষীয়ে আজিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
লগতে পঢ়ক: Nalbari Rape Case: ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ শ্ৰমিকৰ
TAGGED:
Crime in Guwahati