Assam youths attacked by Naga miscreant: চৰাইদেউৰ কাণু চাহ বাগিচাত নগা দুৰ্বৃত্তৰ গুলীত আহত দুই শ্ৰমিক

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 11:03 AM IST

thumbnail

ডিব্ৰুগড়, 9 অক্টোবৰ : দেওবাৰে নিশা চৰাইদেউৰ কাণু চাহ বাগিচাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । নগা দুৰ্বৃত্তৰ গুলীত আহত হৈছে দুই শ্ৰমিক । নাগালেণ্ডৰ পৰা এখন বাইকত অহা দুই দুৰ্বৃত্তই হস্তনিৰ্মিত বন্দুকেৰে গুলীয়াই আহত কৰে শ্ৰমিক দুজনক । সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে আহত দুই শ্ৰমিকে ৷ আহত শ্ৰমিক দুই শ্ৰমিক ক্ৰমে নন্দু মাহালি আৰু সুৰেশ মুড়া বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত সাপেখাতি আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান । নগা দুৰ্বৃত্তই কিয় এই ঘটনা সংঘটিত কৰিলে সেই কথা এতিয়াও সঠিককৈ অনুমান কৰিব পৰি নাই । আৰক্ষীৰ তদন্ততহে সকলো কথা স্পষ্ট হ’ব । দুৰ্বৃত্তৰ গুলীত আহত দুই শ্ৰমিকে পিঠি, হাত আৰু ভৰিত আঘাত পাইছে বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত নাগালেণ্ডৰ নগা দুৰ্বৃত্তই বিভিন্ন ধৰণেৰে ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি আহিছে । পূৰ্বেও বন্দুকৰ ভয় দেখুৱাই চৰাইদেউ নাগালেণ্ডৰ সীমান্ত অঞ্চলৰ ৰাইজৰ পোহনীয়া জীৱ-জন্তু কাঢ়ি লৈ গৈছিল । দেওবাৰে সংঘটিত এই ঘটনাই পুনৰ চৰাইদেউ জিলাখনত এক প্ৰকাৰে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : Amrit Kalash Yatra: দেশপ্ৰেম থকা কংগ্ৰেছ বিধায়কে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰিছে ; যোগেন মহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.