Fake SP Arrested: মৰিগাঁৱত দুই ভুৱা আৰক্ষী অধীক্ষকক গ্ৰেপ্তাৰ - আৰক্ষী অধীক্ষক
🎬 Watch Now: Feature Video
Published : Sep 5, 2023, 4:19 PM IST
মৰিগাঁও, 5 ছেপ্টেম্বৰ : মৰিগাঁৱৰ লোচনাবৰীত আৰক্ষীৰ জালত পৰে দুই ভুৱা আৰক্ষী অধীক্ষক ৷ আটক হোৱা ভুৱা আৰক্ষী অধীক্ষক দুটা ক্ৰমে মৈৰাবাৰীৰ দূৰবান্ধি গাঁৱৰ উমৰ ফাৰুক আৰু ৰচিদুল ইছলাম বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই এতিয়া মৰিগাঁৱৰ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ডি চি, এছ পিৰ ভুৱা ছীল-মোহৰ ব্যৱহাৰ কৰি বিভিন্ন অপৰাধ সংঘটিত কৰি আহিছিল ধৃত অভিযুক্ত দুটাই ।
সোমবাৰে সন্ধিয়া মৰিগাঁও জিলাৰ লোচনাবৰী গাঁৱৰ পৰা মৰিগাঁও জিলা চোৰাংচোৱাই বিভাগে অভিযান চলাই দুই অভিযুক্তৰ পৰা এটা লেপটপ, এটা স্কেনাৰ, এটা প্ৰিণ্টাৰ, এটা চুইপ মেচিন, SP আৰু DC ৰ নামত ভুৱা ছীল-মোহৰ দুটা, মোবাইল দুটা আৰু বুজন পৰিমাণৰ অবৈধ নথি-পত্ৰ জব্দ কৰে। আটক হোৱা যুৱক দুজনে নিজৰ দোকানতে ভুৱা ছীল-মোহৰ আৰু ষ্টাম্প বনাই আৰক্ষীৰ প্ৰমাণ-পত্ৰসহ বুজন পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰি মৰিগাঁও আৰক্ষীৰ চকুত ধূলি আছিল।
দুয়োজনকে ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে থানালৈ নি জেৰা আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: Sexual harassment case: নলবাৰীত 50 উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি হ’ল নাবালিকা