কৰিমগঞ্জত দুই সৰবৰাহকাৰীসহ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ - Smuggling of Drugs

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 10:58 PM IST

কৰিমগঞ্জ, 29 ডিচেম্বৰ : ড্ৰাগছৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীৰ সফলতা ৷ নিউ কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ প্ৰায় 5 কোটি টকাৰ নিচাজাতীয় সামগ্ৰীসহ আটক 2 সৰবৰাহকাৰী ৷  

জানিব পৰা মতে মিজোৰামৰ পৰা আগৰতলালৈ চোৰাংকৈ সৰবৰাহ কৰা অৱস্থাত নিউ কৰিমগঞ্জ ৰে’লৱে ষ্টেচনৰ সমীপত কৰিমগঞ্জ আৰক্ষীৰ জালত এগৰাকী মহিলাসহ আন এটা ড্ৰাগছ সৰবৰাহকাৰী ধৰা পৰে ৷ গোপন তথ্যৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত বৃহৎ আৰক্ষী বাহিনীয়ে অভিযান চলাই প্ৰায় 200 গ্ৰাম হেৰ’ইনসহ 15 টা চাবোনৰ বাকচ জব্দ কৰাৰ লগতে 10,200 টা নিচাযুক্ত টেবলেট জব্দ কৰে ৷  

ধৃত সৰবৰাহকাৰী দুয়োৰে বাসগৃহ ত্ৰিপুৰাৰ আগৰতলাত বুলি জানিব পৰা গৈছে ৷ ইফালে আৰক্ষীয়ে অভিযুক্তক কৰিমগঞ্জ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক : পুনৰ বাল্য বিবাহৰ ঘটনা : বিবাহস্থলীৰ পৰা উদ্ধাৰ নাবালিকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.